লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত এগৰাকী কিশোৰৰ মৃতদেহ নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকে কিশোৰ গৰাকীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি এতিয়া শোকৰ চাঁ পৰিছে ৷ মৃত যুৱক জনৰ নাম ৰাজ দাস বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাৰ্থমিক তদন্তও আৰম্ভ কৰিছে ৷ পুৱাৰ ভাগত ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰিয়ে এই চৰম সিদ্ধান্ত বাচি লয় কিশোৰ গৰাকীয়ে ৷ কিয় কিহৰ বাবে এইধৰণৰ চৰম সিদ্ধান্ত লব লগীয়া হ’ল তাৰ কোনো উত্তৰ এতিয়ালৈকে আৰক্ষীয়ে তথা পৰিয়ালৰ লোকে জানিব পৰা নাই ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাৱলৈ প্ৰেৰণ কৰিছে ৷