বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন
বৰপানী নদীত মাৰাত্মক বিষ ঢালি লাখ লাখ টকাৰ মাছৰ নিধন ৷ দুষ্টচক্ৰক ধৰি মধ্যভোগীয়ে ললে চল্লিশ হাজাৰ টকা ৷
যোৱা নিশা এটা দুষ্ট চক্ৰই বৰপানী নদীৰ শিঙিমাৰী , জুৰিৰপাৰ আৰু মাধৱপাৰাত অতি শক্তিশালী বিষ ঢালি লাখ লাখ টকাৰ বিভিন্ন প্ৰজাতি মাছৰ নিধন কৰা ঘটনাই প্ৰকৃতিপ্ৰেমী লোকক ভবাই তুলিছে ৷ প্ৰাপ্ত তথ্য মতে যোৱা গভীৰ নিশা ৰমনীপথাৰ-উজানমাৰীৰ দহজনীয়া এটা দুষ্ট মাছমৰীয়া চক্ৰই বৰপানী নদীৰ উল্লেখিত ঠাই সমূহত ইণ্ডিনজাতিয় মাৰাত্মক বিষ ঢালি মাছৰ নিধন চলায় ৷ বিষ ঢালি দিয়াৰ লগে লগেই প্ৰকাণ্ড প্ৰকাণ্ড ৰৌ ,বৰালি ,আৰি , ঢেকেৰা প্ৰজাতি মাছৰ লগতে সৰু প্ৰজাতিৰ মাছ সমূহ মৰি পানীৰ ওপৰত ভাহি যায় ৷
কেইবা কুইন্টল মাছ নৌকাত ভৰাই দুষ্ট চক্ৰটোয়ে পলায় কৰে ৷ ইপিনে আজি ৰাতিপুৱা লৈকে বিভিন্ন মাছ গেলি পচি নদীৰ পানীত বৈ যোৱা ৰাইজে প্ৰত্যক্ষ কৰে ৷ নিবিদাৰ যোগেদি নদী ডাকত লোৱা মহলদাৰ চন্দ্ৰ কুমাৰ বিশ্বাসে মাছ নিধন চাই পাগলৰ দৰে দুষ্ট চক্ৰটোক বিচাৰি ৰাইজৰ সহযোগত চাৰিটা অপৰাধীক হাতেলুটে আটক কৰে যদিও ভদ্ৰতাৰ মুখা পিন্ধা একাংশ মধ্যভোগীয়ে আটক হোৱা চক্ৰটোৰ পৰা চল্লিশ হাজাৰ টকা লৈ ঘটনাটোক ঘাপ দি ৰখাৰ অভিযোগ উঠিছে ৷ মাধৱপাৰা গাওঁপঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ খলিলুৰ ৰহমানৰ নেতৃত্বত একাংশ লোকে মাছৰ নিধন কৰা চোৰৰ পৰা শকত জৰিমনা কৰি এৰি দিয়ে বুলি জানিব পৰা গৈছে ৷
নাম প্ৰকাশত অনিচ্ছুক একাংশ লোকে জনোৱা মতে নদীপৰীয়া ঠাইৰ দুজন গাওঁৰক্ষী বাহিনীৰ সম্পাদকে দুষ্ট চক্ৰটোৰ নৌকা , যাঠি ,জুং আৰু মৃত মাছৰ ফটো তুলি আৰক্ষীক জনোৱাৰ পৰিবৰ্তে কলা ধন ঘটাত নামি পৰাৰ অভিযোগ উঠিছে ৷ স্মৰ্তব্য যে প্ৰতিবছৰেই খৰালি দিনত এনে ধুৰন্ধৰ চক্ৰই তিনি-চাৰিবাৰকৈ বৰপানী নদীত বিষ ঢালি মাছৰ নিধন কৰে যদিও চৰকাৰী বন বিভাগ আৰু পুলিচ প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থকা কি ৰহস্য আছে বুলি সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ৷