বনজুইৰ গ্ৰাসত বিশ্ববিখ্যাত হলীউড হিলছ, বনজুইৰ কৱলত আমেৰিকাৰ লছ এঞ্জেলছ

0

শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী বলীউড তাৰকাই

এই সময়ত আমেৰিকাৰ পৰা অতি দুখজনক খবৰ আহিছে। আমেৰিকাৰ লছ এঞ্জেলছৰ অৰণ্যত হোৱা অগ্নিকাণ্ডৰ বাবে চহৰখনৰ আড়ম্বৰপূৰ্ণ পেলিছাডেছ অঞ্চলত থকা বহু হলিউডৰ তাৰকাৰ বাংলো জ্বলি গৈছে।

ইয়াৰ বাবেই তাৰকাসকলে নিজৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছে। পেৰিছ হিল্টন, ষ্টিভেন স্পিলবাৰ্গ, মেণ্ডী মূৰ, এষ্টন কাটচাৰকে ধৰি বহু হলিউডৰ তাৰকাৰ ঘৰ জ্বলি ছাই হৈ পৰিছে। পেৰিছ হিল্টনৰ ঘৰটো ৭২ কোটি টকাত নিৰ্মাণ কৰা হৈছিল।

এই অগ্নিকাণ্ড এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ বাবে হলিউডৰ বহু চেলিব্ৰিটিয়ে ঘৰ এৰি যাবলৈ বাধ্য হয়।

মন কৰিবলগীয়া যে এই সময়ত কেলিফৰ্ণিয়াত প্ৰচণ্ড বতাহ বলিছে আৰু এনে পৰিস্থিতিত এই জুইয়ে আৰু অধিক ভয়ানক ৰূপ ধাৰণ কৰিছে।

প্ৰায় ২৯ কিলোমিটাৰ জুৰি বনজুয়ে গ্ৰাস কৰিছে। একেদৰে ছেন ফেৰনাড’ ভেলীত প্ৰায় ৩ কিলোমিটাৰ ব্যাসাৰ্ধ জুৰি বনজুইয়ে সংহাৰ চলাই আছে। উত্তৰ পাছাডেনাত অতি ভয়ংকৰ হৈ উঠিছে বনজুই। প্ৰায় ৪৩ কিলোমিটাৰ ব্যাসাৰ্ধ পৰ্যন্ত বিয়পি পৰিছে বনজুই। এই পৰ্যন্ত বনজুইৰ বাবে ১ লাখ ৩৭ হাজাৰতকৈ অধিক লোকক ঘৰ খালী কৰা হৈছে। বনজুইৰ গ্ৰাসত ঘৰ হেৰুৱাইছে বহু তাৰকায়েও। তাৰকাৰ তালিকাত আছে পেৰিছ হিল্টনো।

আমেৰিকাত শীতৰ সময়ত বলা ছান্তা আনা নামৰ এবিধ বতাহ, আৰু খৰাং পৰিস্থিতিৰ বাবেই বনজুই সংঘটিত হৈছে আমেৰিকাত। উল্লেখ্য যে, এই বন জুইত বহু জীৱ জন্তুৰো কৰুণ মৃত্যু ঘটিছে। বনজুইৰ ফলত দশক দশক ধৰি জীপাল হৈ থকা বেংক, কেফে আৰু ছুপাৰ মাৰ্কেটসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইতিমধ্যে বনজুই নিৰ্বাপণ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।

উল্লেখ্য যে, এই বন জুইত বহু জীৱ-জন্তুৰো কৰুণ মৃত্যু ঘটিছে। বনজুইৰ ফলত দশক দশক ধৰি জীপাল হৈ থকা বেংক, কেফে আৰু ছুপাৰ মাৰ্কেটসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। ইতিমধ্যে বনজুই নিৰ্বাপণ কৰিবলৈ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। একেদৰে ভূ-স্থলৰ পৰাও চলি আছে প্ৰচেষ্টা। লছ এঞ্জেলছৰ ইতিহাসত আটাইতকৈ ধ্বংসাত্মক বনজুই হিচাপে অভিহিত হৈছে। বুধবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে হলীউড হিলছত ছানচেট জুইৰ সংঘটিত হৈছিল আৰু এতিয়া ই প্ৰায় ৪৩ একৰ ভূমি সামৰি লৈছে।

Leave A Reply

Your email address will not be published.