গাহৰি মাংসক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
ভোগালীৰ পূৰ্বে গাহৰি মাংস সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।গাহৰি মাংসক লৈ GMC ৰ জাননী প্ৰত্যাহাৰ। বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ একাউন্টত পোষ্টযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে, গাহৰি মাংস হৈছে অসমৰ জনজাতীয় লোকৰ লগতে অন্য বহু সম্প্ৰদায়ৰো থলুৱা খাদ্য। ই এক সাংস্কৃতিক আৰু ৰন্ধন তাৎপৰ্য প্ৰতিফলিত কৰে। গুৱাহাটীত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত বাধা-বাধকতা নাই। পিছে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাইহে বিক্ৰী কৰিব পাৰিব গাহৰি মাংস।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, অসম চৰকাৰে জনস্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ সমান্তৰালকৈ সকলো সম্প্ৰদায়ৰ অধিকাৰ আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।গতিকে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা যদি গাহৰি মাংস বিক্ৰী বা বধৰ ওপৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰিলে সেয়া লোক-সংস্কৃতিৰ গুৰুত্ব তথা খাদ্যৰ পছন্দক সন্মান জনাই প্ৰত্যাহাৰ কৰা হব।