ফিফা বিশ্বকাপৰ বাবে মৰক্কো চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, জাঙুৰ খাই উঠিছে পশু প্ৰেমী
২০৩০ চনৰ ফিফা বিশ্বকাপ অনুষ্ঠিত হ’ব তিনিখন দেশত। এই প্ৰতিযোগিতাখনৰ বাবে আয়োজকৰ দায়িত্ব লাভ কৰিছে মৰক্কো, স্পেইন আৰু পৰ্তুগালে। প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যেই মৰক্কোৱে আৰম্ভ কৰিছে প্ৰস্তুতি।
এই প্ৰস্তুতিৰ মাজতে এনে এক তথ্য পোহৰলৈ আহিছে যাক লৈ সম্প্ৰতি বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ফিফা বিশ্বকাপৰ সময়ত মৰক্কোৰ চহৰসমূহ চাফ-চিকুন কৰি ৰাখিবলৈ বাটৰুৱা কুকুৰক নিধন কৰাৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনা পোহৰলৈ অহাৰ পিছতে এতিয়া তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে মৰক্কো।
বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি বিশ্বকাপৰ সময়ত বিভিন্ন দেশৰ পৰা লাখ-লাখ দৰ্শক আহিব মৰক্কোলৈ। এই সময়ছোৱাত যাতে বিদেশী দৰ্শকসকলে বাটৰুৱা কুকুৰৰ পৰা কোনো ধৰণৰ অসুবিধা নাপাই তাৰ বাবে চৰকাৰ-প্ৰশাসনে ৩০ লাখ বাটৰুৱা কুকুৰক নিধন কৰাৰ পৰিকল্পনা কৰিছে। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পশু সুৰক্ষা কৰ্মীসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।
মৰক্কোৰ প্ৰসিদ্ধ পশু সুৰক্ষা কৰ্মী তথা অধিবক্তা জেন গুডালে এই ঘটনাৰ বিৰোধিতা কৰি ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফালৈ এক পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰখনত গুডালে লিখিছে, ‘মই এই খবৰ শুনি আচৰিত হৈছো। পশু সুৰক্ষাৰ বাবে কাম কৰা আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সমগ্ৰ ঘটনাটো নজৰত ৰাখিছে। ইয়াৰ উপৰি মই সেইসকল ফুটবল অনুৰাগীক শুধিব বিচাৰিছো, যিসকলে পশুক মৰম কৰে, তেওঁলোকে বাটৰুৱা কুকুৰৰ সৈতে সংঘটিত হ’বলগীয়া নৃশংস কাৰ্যক সমৰ্থন কৰিব নে’।
যদিহে ফিফাৰ তৰফৰ পৰা হস্তক্ষেপ বা কোনো গুৰুত্ব প্ৰদান কৰা নহয় তেন্তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰাৰো হুমকি প্ৰদান কৰে গুডালে।