গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ ৩টাকৈ নিথৰ দেহ! পত্নী-কন্যাক হত্যা কৰি নিজকে শেষ কৰিলে নেকি লোহিত ঠাকুৰীয়াই?
গুৱাহাটী মহানগৰীত বামুণীমৈদামৰ ৰে’লৱে কলনীত একে পৰিয়ালৰ ৩জন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহকেইটাত লোহিত ঠাকুৰীয়া, পত্নী জুলী ডেকা আৰু কন্যা ঋত্বিকা ডেকা। পৰকীয়া প্ৰেমৰ সন্দেহ

গুৱাহাটী মহানগৰীত আকৌ চাঞ্চল্যকৰ ঘটনা। বন্ধ কোঠাত উদ্ধাৰ ৩টাকৈ মৃতদেহ। বামুণীমৈদামৰ ৰে’লৱে কলনীত একে পৰিয়ালৰ ৩গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ। বামুণীমৈদামৰ ৰে’লৱে’ কলনীৰ K ব্লকৰ ৪২৭ নং কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহকেইটা।
বন্ধ কোঠাৰ ভিতৰত লোহিত ঠাকুৰীয়া, পত্নী জুলী ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋত্বিকা ডেকাৰ নিঠৰ দেহ উদ্ধাৰ কৰা হৈছে।
মৃত জুলী ডেকা ৰে’লৱেৰ কৰ্মচাৰী। আনফালে স্বামী লোহিত ঠাকুৰীয়া পেছাত এজন গেৰেজৰ কৰ্মচাৰী।

মাতৃ-কন্যাৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে। আনফালে জুলী ডেকাৰ স্বামী লোহিত ঠাকুৰীয়াক চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে।
আনফালে লক্ষ্যণীয়ভাৱে লোহিত ঠাকুৰীয়া আছিল জুলী ডেকাৰ দ্বিতীয় স্বামী। পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছতে লোহিত ঠাকুৰীয়াৰ সৈতে বিয়া হৈছিল জুলী ডেকা। প্ৰাৰম্ভিক অৱস্থাত পৰকীয়া প্ৰেমৰ এই নৃশংস ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে সকলোৱে।