আজিৰ দিনটোৰ ৰাশিফল…
মেষ : নতুন পোছাক আৰু গহণা ক্ৰয় কৰাৰ সম্ভাৱনা আছে । বন্ধুৰ লগত বজাৰ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক । সামাজিক মান্যতা আৰু খ্যাতি বৃদ্ধি পাব । নতুনকৈ লগ পোৱা মানুহৰ লগত ভাবি চিন্তিহে বন্ধুত্ব কৰিব । স্বাস্থ্যৰ যতন লওক ।
বৃষ : ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অতি লাভজনক হ’ব। সহকৰ্মীৰ পৰা সহায় বিচাৰিব পাৰে, উপকৃত হ’ব। বন্ধুৰ সৈতে আবেলিৰ সময়খিনি আনন্দেৰে কটাব পাৰে।
মিথুন : এটা সাধাৰণ দিন । নতুন কামক স্থগিত কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে ৷ সামাজিক যোগাযোগ সীমিত হ’ব আৰু সন্তানৰ বাবে চিন্তা থাকিব । ঘৰুৱা পৰিবেশ বন্ধুত্বপূৰ্ণ হ’ব আৰু কোনো সৃজনশীল কামৰ বাবে প্ৰেৰণা লাভ কৰিব । সামাজিক মান্যতা আৰু আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
কৰ্কট : গভীৰ চাপত থাকিব; বিৰক্তি আৰু অলসতাই আপোনাক বেৰি থাকিব পাৰে । দোদুল্যমান মনক নিয়ন্ত্ৰণ কৰক আৰু মনটো স্থিৰ কৰক । যাত্ৰাৰ পৰিকল্পনা সলনি কৰক, কাৰ্যালয়ৰ কামৰ বাবে উপযুক্ত সময় নহয় । আজি নতুন কামৰ আৰম্ভণি কৰিলে সফলতা নাপাবও পাৰে ।
সিংহ : যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে, আজিৰ দিনটো তাৰ বাবে অতি শুভ । বিনিয়োগৰ বাবেও উপযুক্ত সময় । ঘৰ বা সম্পত্তিৰ লেনদেন সম্পূৰ্ণ কৰাৰ বাবে আজিৰ দিনটো নল’ব । সতৰ্ক হৈ থাকক ।
কন্যা : আজি আপুনি মনে মনে থকাই উচিত; চকু আৰু কাণ খোলা ৰাখক কিন্তু মুখ বন্ধ৷ প্ৰাৰম্ভিক অধ্যয়ন নকৰাকৈ খৰধৰকৈ কোনো নতুন কাম আৰম্ভ নকৰিব । স্বাস্থ্যৰ বাবেও এটা সাধাৰণ দিন । কষ্টোপাৰ্জিত ধনৰ বিনিয়োগৰ বাবে ভাল দিন ।
তুলা : সন্তুলিত আৰু মনোযোগী হ’ব । অপ্ৰয়োজনীয় বস্তুত ব্যয় কৰাৰ সম্ভাৱনা আছে । পৰিয়ালৰ লগত থকা মনোমালিন্য দূৰ কৰিব পাৰে । কামত আপোনাৰ অহংকাৰক মাজত আহিবলৈ নিদিব ৷
বৃশ্চিক : ইতিবাচক দিন হ’ব । নিৰাশাবাদী মনোভাৱক দূৰত ৰাখক । আইনী কাম-কাজসমূহ নিজৰ গতিত আগবাঢ়িবলৈ দিয়ক । আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । আপুনি উৎসাহিত আৰু আত্মবিশ্বাসী অনুভৱ কৰিব আৰু সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব ।
ধনু : দিনটো আপোনাৰ বাবে লাভজনক হ’ব । আয় বা লাভ বৃদ্ধি হৈ আৰ্থিকভাৱে উপকৃত হোৱাৰ সম্ভাৱনা আছে । অত্যধিক ব্যয় নকৰিব । আনৰ লগত আচাৰ-ব্যৱহাৰ কৰোতে আপুনি শান্ত আৰু ধৈৰ্যশীল হ’ব লাগিব; আপোনাৰ সোনকালে খং উঠা প্ৰবৃত্তিয়ে এটা ভাল সুযোগ নষ্ট কৰিব পাৰে ।
মকৰ : আপুনি বিচৰা সকলো পাব । সম্পত্তি বিষয়ক লেনদেনৰ বাবে উপযুক্ত সময় । কৰ্মস্থলীত, আপুনি কামৰ আৰম্ভ কৰিব আৰু সম্পূৰ্ণ কৰিব । আপোনাৰ বচক প্ৰভাম্বিত কৰিব পাৰিব । পদোন্নতিৰ সুযোগ পাব পাৰে । পৰিয়াল আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক । আপোনাৰ সপোন পূৰণ কৰাৰ সময় ।
কুম্ভ : পেচাদাৰী লোকসকলে দিনটোৰ আৰম্ভণিত সাৱধানতা অৱলম্বন কৰিব লগা হ’ব পাৰে। কনিষ্ঠ আৰু জ্যেষ্ঠসকলৰ লগত ব্যৱহাৰ কৰোতে শান্ত হৈ থাকক, উপকৃত হ’ব। ধৰ্মীয় স্থানৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে।
মীন : নিজকে অধিক ভালদৰে জানিবৰ বাবে চেষ্টা কৰাৰ সম্ভাবনা আছে । নিজৰ চিন্তাধাৰাক মুক্ত কৰক আৰু লিখা-পঢ়া কৰি নিজকে ব্যক্ত কৰক । কৰ্মস্থলীত সতৰ্ক হওক । সহকৰ্মী আৰু জ্যেষ্ঠ কৰ্মীসকলৰ লগত দীঘলীয়া আলোচনাৰ পৰা আতঁৰত থাকক; অনিশ্চিত মনোদশাই বিপদত পেলাব পাৰে । স্বাস্থ্যৰ যতন লওক ।