গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক।
গোলকগঞ্জৰ এটা জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক। গোলকগঞ্জ বিধান সভা সমষ্টিৰ অন্তৰ্গত খেৰবাৰী গাঁৱত এখন জৰাজীৰ্ণ পথে জলা-কলা খোৱাইছে গঞা-ৰাইজক। প্ৰায় ৩ খনকৈ গাঁৱৰ ৰাইজে এই পথটোৰে বছৰ বছৰ ধৰি যাতায়াত কৰি আহিছে যদিও পথটোৰ নিৰ্মাণৰ বাবে গুৰুত্ব নাই চৰকাৰৰ। স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিক পথটো নিৰ্মাণৰ বাবে বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ফলত উপায়ন্তৰ ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তাত কোনমতে যাব পৰাকৈ নিজেই নিৰ্মাণ কৰিছে ৰাইজে। স্থানীয় বিধায়কে বহুবাৰ আশ্বাস দিয়ে যদিও আজিলৈকে পথচোৱা মেৰামতি কৰিব পৰা নাই।