নগাঁৱৰ পূব কাৱৈমাৰিত ড্ৰাগছ মাফিয়াৰ গুন্দাগীৰি
নগাঁৱৰ পূব কাৱৈমাৰিত ড্ৰাগছ মাফিয়াৰ গুন্দাগীৰি
ড্ৰাগছ মাফিয়াৰ ভয়ত নগাঁও সদৰ থানাত এজাহাৰ দাখিল
নগাঁৱৰ এখন গাঁৱত ড্ৰাগছ মাফিয়া আৰু মছজিদ কমিটীৰ লগত সংঘাট। ড্ৰাগছ মাফিয়াই মুকলিকৈ মাৰানস্থৰ ভাবুকি গাঁও বাসীক । গাঁও বাসীক ভয় ভাবুকি প্ৰদান কৰি শেষত আশ্ৰয় লৈছে আৰক্ষীৰ। যাৰ পৰিত্যান বিচাৰি শনিবাৰে নিশা নগাঁও সদৰ থানাত ভিৰ কৰে গাওঁ বাসীয়ে। গাঁও বাসীক ড্ৰাগছ সৰ্বৰহকাৰিৰ পৰা উদ্ধাৰ কৰিব পাৰিবনে আৰক্ষীয়ে। আমাৰ এক বিশেষ প্ৰতিবেদন । প্ৰথমে মন কৰক এই দৃশ্যলৈ। কাৱৈমাৰি গাঁওবাসীৰ ওচৰত হাতযোৰ কৰি দহতাকৈ ড্ৰাগছ সৰ্বকাৰিয়ে ড্ৰাগছ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছিল। সভাৰ কেইদিনমান পাছতেই সেই সৰ্বৰাহকাৰি কেইটাই মছজিদ পৰিচালনা সমিতি লোক সকলক ভয় ভাবুকিৰ লগতে পিষ্টল দেখুৱাই প্ৰানে মাৰাৰ ভাবুকি প্ৰদান কৰে । গাঁৱৰ ৰাইজ আৰু মছজিদ সমিতিয়ে উপায়ন্তৰ হয় শনিবাৰে নিশা নগাঁও সদৰ থানাত উপস্থিত হৈ ড্ৰাগছ সৰ্বৰাহকাৰি কেইতাৰ ওপৰত এজাহাৰ দাখিল কৰে । সৰ্বৰাহকৰি কেইটা হৈছে মতিবুৰ ৰহমান ,নজৰুল ইছলাম , চিৰাজুল ইছলাম, আজিজুল হক,ৰফিক আলি ,ছফিক আলি,ইশ্বাবানু , নাৰজিন বেগম আৰু মুমতাজ বেগমৰ ওপৰত দাখিল কৰে এজাহৰ। কিন্তু এই ড্ৰাগছ সৰ্বৰাহকাৰি কেইটাক ড্ৰাগছ বিক্ৰী কৰাক বাধা প্ৰদান কৰা লোক কেইজনৰ ওপৰতহে ভুৱা এজাহাৰ প্ৰদান কৰিছে বুলি জনাই ৰাইজে। মছজিদ পৰিচালনা সমিতি আৰু গাঁৱৰ ৰাইজ আৰু মছজিদ সমিতি উপায়ন্তৰ হৈ কাষ চাপে নগাঁও আৰক্ষীৰ । পিছে গাঁও খনত সন্ত্ৰাসৰ সৃষ্টি কৰে ড্ৰাগছ মাফিয়া কেইটাক আটক কৰিবলৈ সক্ষম হব নে নগাঁও আৰক্ষীয়ে ।