এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ

0

এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন আছিল তাৰ।

জনহিতাৰ্থে সেৱা আগবঢ়োৱাৰ সপোন দেখিছিল সি।

কিন্তু সপোন পূৰণত হেঙাৰ হিচাপে থিয় দিছে এক জটিল ৰোগে।

হয় আজিৰ প্ৰতিবেদনটো অলপ সুকীয়া।

আমি কবলৈ লৈছোঁ নগাঁওৰ চুতীয়া গাৱঁৰ এটি মৰমলগা কিশোৰ শান্তু বনিয়াৰ হৃদয়বিদাৰক জীৱনগাথাৰ কাহিনী।

পিতৃ মাতৃৰ একমাত্ৰ সন্তান শান্তু দশম শ্ৰেণীৰ এজন মেধাৱী ছাত্ৰ। ভাল মানুহ হৈ সমাজৰ হকে কাম কৰাৰ বহু সপোন আছিল তাৰ।
কিন্তু শান্তু বৰ্তমান আক্ৰান্ত এক জটিল দুৰাৰোগ্য ৰোগত।
ফলত শান্তোৰ ভাল মানুহ হোৱাৰ সপোনটোতো দূৰৰে কথা জীয়াই থকাটোতো বাধাৰ প্ৰাচীৰ হৈ ঠিয় দিছে এই দুৰাৰোগ্য ৰোগ বিধে।

মাতৃৰ বাইট:-

হয় বৰ মৰ্মান্তিক এই কাহিনী। দৃশ্য প্ৰত্যক্ষ কৰি আপুনি হয়টো অনুমান কৰিব পাৰিছে শান্তুহতৰ পৰিয়ালটিৰ আৰ্থিক দূৰৱস্থাৰ বিষয়ে।
শান্তুৰ দেউতাকো বছৰ বছৰ ধৰি আক্ৰান্ত হৈ আছে হৃদৰোগত। দুবেলা দুমুঠি অন্নৰ বাবেও বেমাৰী দেহাৰে জীৱন সংগ্ৰামত যুঁজি আছে শান্তুৰ পিতৃ দুৰ্গেশ্বৰ বনিয়াই।

প্ৰথমাৱস্থাত সাধাৰণ ৰোগৰ দৰেই শান্তোৰ দেহত প্ৰৱেশ ঘটিছিল এই দুৰাৰোগ্য ৰোগ বিধৰ। পঢ়িবলৈ মন নোযোৱা হৈছিল তাৰ। শৰীৰটোৱে বৰ দুৰ্বল অনুভৱ কৰিছিল তাৰ। আৰ তাৰ পৰা কেইটামান টকা যোগাৰ কৰি গুৱাহাটীলৈ পিতৃ মাতৃয়ে লৈ গৈছিল শান্তোক। দেৰমাহ চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে শান্তোৰ শৰীৰত ধৰা পেলাইছিল লিম্ফমা নামৰ জটিল ৰোগবিধৰ। ভয়াবহ ৰোগবিধৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ চিকিৎসকে শান্তোৰ পিতৃ মাতৃক বেংগালুৰুৰ উন্নত চিকিৎসালয়ত অতি শীঘ্ৰেই ভৰ্ত্তি কৰোৱাৰ বাবে দিছিল উপদেশ। কিন্তু সপ্তাহিক বজাৰত পাণ তামোলৰ ব্যৱসায় কৰা শান্তোৰ পিতৃ মাতৃয়ে শান্তোক বাহিৰলৈ নিব কেনেকৈ? এশ এটা সমস্যাৰে জৰ্জৰিত শান্তোৰ পৰিয়ালে কেনেকৈ শান্তোক চিকিৎসা কৰোৱাব বেংগালুৰুত। সঁচাকৈ বৰ হৃদয়বিদাৰক! বৰ মৰ্মান্তিক। নিয়তিয়ো যে কিমান বৰ নিষ্ঠুৰ।

Byte:- শান্তো।

মৰমলগা শান্তোৰ কথা শুনিলে আপুনি অনুভৱ কৰিব, জীয়াই থকাৰ তাৰ যে কিমান দূৰন্ত হেঁপাহ। অশ্ৰু নিগৰি আহিব আপোনাৰ।পৰিয়ালটিত আন একো সম্পত্তিয়ো নাই যে বিক্ৰী কৰি শান্তোৰ চিকিৎসা কৰিব। ভেটি মাটিকনো বিক্ৰী কৰা হল শান্তোৰ চিকিৎসাৰ নামতেই। উপায়ন্তৰ পিতৃ মাতৃ। শান্তোৰ মুখখনলৈ চাই নিতৌ কান্দিছে মাতৃয়ে। এই ৰোগৰ পৰা সি মুক্তি লভিব কেতিয়া? সি ভাল মানুহ হব কেতিয়া? ইত্যাদি বিভিন্ন উত্তৰবিহীন প্ৰশ্নৰে ধৰাশায়ী কৰিছে শান্তোৰ মাতৃক।
উপায়ন্তৰ পিতৃ মাতৃয়ে সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ। কাতৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীক।মোৰ ল’ৰাটোক ভাল কৰি দিয়ক। সহায়ভিক্ষা মাগিছে বিধায়ক ৰূপক শৰ্মাৰো। এতিয়া প্ৰশ্ন উঠিছে এইগৰাকী দূৰ্ভগীয়া মাতৃৰ কাতৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবনে মুখ্যমন্ত্ৰী মহোদয়ে। সহায়ৰ হাত আগবঢ়াবনে ৰাজ্যৰ দল সংগঠন তথা কোনো হৃদয়বান লোকে।

Leave A Reply

Your email address will not be published.