আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে, কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা

0

বেলেগত চৰাই উৰে পিছে অসমত কণী।

কথাষাৰ কিয় কলো আপুনি হয়তো নিশ্চয় ভাবিছে।

আপুনি ঠিকেই শুনিছে বেলেগত চৰাই উৰে কিন্তু অসমত কণী উৰাৰ দৰে হৈছে ৰাজ্যৰ উন্নয়ণৰ অৱস্থা।

যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বত্ৰে উন্নয়ন হৈছে বুলি ফিতাহি মাৰে তেনে সময়তে ৰহা সমষ্টিৰ ২নং নেলীপাৰৰ এটি দৃশ্যই চৰকাৰৰ উন্নয়নৰ ফুপোলা স্বৰূপটো উদঙাইছে ৷

ৰহাৰ ২নং নেলীপাৰাত বোকাময় পথৰ বাবে গাওঁখনলৈ এম্বুলেন্স নাহে ৷ যাৰ বাবে জিয়াতু ভোগে ৰাইজে।

প্ৰথমে এই দৃশ্য মন কৰক
এগৰাকী মহিলা ৰোগীক চাঙিৰে নি এখন টুলুঙা নাৱেৰে কপিলী নৈ পাৰ কৰি চিকিৎসালয়লৈ নিছে ৷
কাৰণ গাঁৱখনলৈ পথৰ দুৰৱস্থাৰ বাবে গাড়ী নাহে ।

সেয়েহে কওঁ,বেলেগত চৰাই উৰে অসমত উৰে কণী।
মুখ্যমন্ত্ৰীৰ ভাষণতে অসমৰ উন্নয়ন থাকে বহি।

Leave A Reply

Your email address will not be published.