নকলেও হয়তো আপুনি বুজিব,কাম কি ৰাজ্যৰ সমাজ কল্যান বিভাগৰ
নকলেও হয়তো আপুনি বুজিব,কাম কি ৰাজ্যৰ সমাজ কল্যান বিভাগৰ।
পিছে কিছু দৃশ্য দেখিলে সন্দেহ হয়।
ৰাজ্যত সঁচাকৈয়ে আছেনে সমাজ কল্যান নামৰ বিভাগ এটা।
যদি আছে আজিৰ প্ৰতিবেদনটো আপোনালোকৰ বাবে।
যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ হাৰ বৃদ্ধিৰ বাৱে নতুন নতুন অভিলাষী আঁচনি হাতত লৈছে,তেনে সময়তে হোজাইৰ উত্তৰ ডিমৰুপাৰৰ ৬নং ৱাৰ্ডৰ ৩৩৩নং অংগণবাড়ী কেন্দ্ৰকলৈ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে অভিভাৱকে।
কিয়নো এইটো অংগণবাড়ী কেন্দ্ৰত কণ কণ ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ পৰিবৰ্তে শিক্ষা দিয়া হয় গৰু-ছাগলীক।
যি দৃশ্য দেখিলে আপুনি নিজেই বুজিব
গৰু ছাগলীয়ে শিক্ষা লোৱা অংগনবাড়ী কেন্দ্ৰটোৰ ভিতৰত পৰি ৰৈছে গৰু ছাগলীৰ মল মূত্ৰ।
স্থানীয় ৰাইজৰ অভিযোগ ,আজিলৈকে ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়া নহল এই অংগণবাড়ী কেন্দ্ৰটোত ,যাৰ বাবে ব্যৱস্থা গ্ৰহনৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জিলা আয়ুক্তক ।
সেয়েহে কোৱা হয়, আছে গৰু নাবাই হাল,
এনে গৰু থকাতকৈ নথকাই ভাল।
আৰু এনে অৱস্থাই হৈছে এতিয়া ৰাজ্যৰ সমাজ কল্যান বিভাগৰ।
সমাজ কল্যান বিভাগৰ মন্ত্ৰী মহোদয়া।কি চলিছে আপোনাৰ বিভাগটোত ?
আপোনাৰ অংগনবাদী কেন্দ্ৰত ছাত্ৰ ছাত্ৰীৰ পৰিবৰ্তে গৰু ছাগলীক দিয়া হৈছে নেকি শিক্ষা ?