গৌৰীপুৰত ভয়ংকৰ মাৰপিট সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ তিনি ভাই ককায়েকক ৷
গৌৰীপুৰত ভয়ংকৰ মাৰপিট সংকটজনক অৱস্থাত চিকিৎসালয়ত প্ৰেৰণ তিনি ভাই ককায়েকক ৷ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ আলমগঞ্জ ষষ্ঠম খণ্ড অষ্টমীৰচৰ গাওঁত মাটি বাৰীক কেন্দ্ৰ কৰি সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। নিজ খুৰাই গুৰুলা —গুৰুল কৈ প্ৰহাৰ কৰি আহত কৰিলে তিনি গৰাকীকৈ ভতিজাক। আমাৰ গৌৰীপুৰৰ সাংবাদিক সাহাবুদ্দিন মোল্ল্যাই জানিবলৈ দিয়া মতে দিৰ্ঘদিনৰ পৰাই এডোখৰ মাটিক লৈ খুৰা আৰু ভতিজাৰ মাজত চলি আছিল বাক বিবাদ। আহত তিনিজন হৈছে ৰফিক আলীৰ তিনি পুত্ৰ নাছিৰ উদ্দিন, হাফিজুৰ ৰহমান, আৰু আব্দুল কুদ্দুচ। আহত তিনিজনক সংকটজনক অৱস্থাত গৌৰীপুৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।ইতিমধ্যে উক্ত ঘটনাক লৈ অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
