হাতীখুলি কাণ্ডত অসমজুৰি জ্বলিছে জুই ৷

0

হাতীখুলি কাণ্ডত অসমজুৰি জ্বলিছে জুই ৷ বিশ্বনাথ জিলা আটছাইও বিহালীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷
চৰকাৰ ,চৰকাৰৰ গৃহ বিভাগ আৰু পুলিচ প্ৰশাসনে হাতীখুলিত অমানুষিক শক্তি প্ৰদৰ্শন কৰি লাঠিচালনা কাৰ্যত আটছাই প্ৰতিবাদ সাব্যস্ত কৰিছে।
চৰকাৰে মৰসাহ দেখুৱাই বৃহত এক বুজাপৰাত পঞ্চতাৰকা হোটেল বনোৱা ৰ ঠাই হিচাপে বাচি লৈছিল ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ সমিপতে থকা হাতীখুলি চাহ বাগিচাত ।
য’ত হাতীখুলি চাহ বাগিচাৰ ভুমিৰ পৰা কেইটা হেক্টৰ ভুমিক তহিলং কৰি হিন্দী চিনেমাৰ কায়দাৰে হোটেল বনোৱাৰ পৰিকল্পনা সহযোগিতা আছিল চৰকাৰৰ।
কিন্তু যুগ যুগ ধৰি এই চাহ বাগিচাৰ পৰা চাহ শ্ৰমিক ৰাইজে পেট পুহিব কিদৰে ?
যাৰ বাবে প্ৰতিবাদ কৰিব উলাই যাওতেই আটছাৰ কেন্দ্ৰীয় সম্পাদককে ধৰি বহু পুৰুষ মহিলাই লাঠিৰ কোব খায়।
গনতান্ত্ৰিক ভাবে কৰা আটছাৰ আন্দোলনকো মষিমূৰ কৰাৰ বাবে পুলিচে জপিয়াইছিল নিৰিহৰ উপৰত ।
যাৰ বাবে অসমজুৰি আটছাৰ বিক্ষোভ কাৰ্যসূচী পৰিলক্ষিত হয়। সমান্তৰালকৈ আজি বিশ্বনাথ আটছাইও বিহালী চাহ বাগিচাত প্ৰতিবাদ সাব্যস্ত কৰে ।
বিহালীৰ বিক্ষোভ কাৰ্যসুচীত আটছাই সঞ্জয় কিষানকে ধৰি চাহ জনগোষ্ঠীৰ সমুহ মন্ত্ৰী বিধায়কে হাতীখুলিৰ ঘটনাত মৌন থকা বিষয়টোক নানান প্ৰশ্নবানেৰে থকাসৰকা কৰে ।
আনহাতে চাহ জনগোষ্ঠীৰ ভোটৰ পৰা ৰাজগাদীত বহি বিলাসী জীৱন কটোৱা বিহালীৰ সমষ্টিৰ ৰঞ্জিত দত্তকো আটছা নেতাই তুলাধুনা দিয়ে ৷

Leave A Reply

Your email address will not be published.